পানবজাৰৰ পৰা উত্তৰ গুৱাহাটী সংযোগকাৰী আৰু পলাশবাৰীৰ পৰা শুৱালকুছি সংযোগকাৰী ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ হ’বলগীয়া দলং দুখনৰ পৰামৰ্শৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। এই পৰামৰ্শ কামসমূহ SMEC India Pvt. Ltd. নামৰ কোম্পানীক ১০.৯১ কোটি টকাৰ খৰচত প্ৰদান কৰা হৈছে।এই কামসমূহ মাৰ্চ ২০১৮ ৰ ভিতৰত সমাপ্ত হ’ব বুলি আশা কৰা হৈছে।
এই প্ৰস্তাৱিত দলং দুখনে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীক সংযোগ কৰাৰ জৰিয়তে সচৰাচৰ সৃষ্টি হোৱা যান-জঁটসমূহ কমোৱাৰ লগতে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ পৰিকল্পিত আচঁনিসমূহ ৰূপায়ন কৰাত সহযোগ আগবঢ়াব।
এই প্ৰকল্পটিক Special Purpose Vehicle (SPV) ৰ দ্বাৰা ৰূপায়ন কৰা হ’ব।