মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

ভূমি ব্যৱহাৰ প্ৰমাণ পত্ৰ কেনেকৈ লাভ কৰিব

  • ভূমি বা সম্পত্তি পঞ্জীয়নে মালিকীস্বত্ব সলনি বা নথি-পত্ৰ সমূহৰ পঞ্জীয়ন কৰাকে বুজায়। এই পদ্ধতিয়ে জালি পঞ্জীয়ন কৰিব পৰা ব্যৱস্থাক নাইকিয়া কৰে আৰু লগতে পঞ্জীয়ন পদ্ধতিক এক বিধিগত ভাৱে ৰখাত সহায় কৰে।

    অৰ্হতা:

    ভূমি ব্যৱহাৰৰ প্ৰমাণ পত্ৰ লাভ কৰিবৰ বাবে ব্যক্তিগৰাকীৰ লগত:

    • বৰ্তমান সময় পৰ্যন্ত কৰ ৰছিদ

    মাচুল

    আবেদন পত্ৰখনৰে সৈতে ৫০ টকাৰ মাচুল জমা দিব লাগে।

    কেনেকৈ আবেদন কৰিব

    এখন উকা কাগজত আবেদনৰ সৈতে দাগ নং, পট্টা নং, গাঁও, মৌজাৰ বিৱৰণ সহ আৰু ৫০ টকাৰ মাচুলসহ বিভাগৰ কাৰ্যকৰী অধিকাৰীৰ ওচৰত জমা দিব লাগে।

    কাক যোগাযোগ কৰিব:

    মুখ্য কাৰ্য্যবাহী বিষয়া
    তৃতীয় মহলা, ষ্টেটফেড বিল্ডিং
    গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পথ ,ভঙাগড়,
    গুৱাহাটী ৭৮১ ০০৫
    দূৰভাষ: ০৩৬১-২৫২৯৮২৪, ২৫২৯৬৫০ (কাৰ্য্যালয়)
    ই-মেইল: ceogmdaghy@gmail.com