ৰেল বেছড মাচ ৰেপিড ট্ৰ্যানজিত চিষ্টেম (এমআৰটিএছ)
জানুৱাৰী ২০১৬ ত মুঠ ২০০ কিলোমিটাৰ কৰিডৰ দৈৰ্ঘ্য আৰু ডিপিআৰ (খণ্ড-১) ৰ বাবে মুঠ ৬১.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাবে ‘আৰআইটিইএছ’ য়ে সাধ্যতা প্ৰতিবেদন প্ৰস্তুত কৰে। খণ্ড-১ ৰ চাৰিটা কৰিডৰ আছে:
- কৰিডৰ-১: ধাৰাপুৰ-নাৰাঙ্গী (উচ্চ)
- কৰিডৰ-২: এম জি পথৰ পৰা খানাপাৰালৈ (ভূগৰ্ভস্থ)
- কৰিডৰ-৩: জালুকবাৰীৰ পৰা খানাপাৰালৈ (উচ্চ)
- কৰিডৰ-৪: আইএছবিটি-পল্টনবজাৰ (উচ্চ)
পৰৱৰ্তী সময়ত ২০১৭ চনৰ ১৮ জানুৱাৰী তাৰিখে কেবিনেট সভাত গ্ৰহণ কৰা সিদ্ধান্তমৰ্মে ডিপিআৰ (খণ্ড-১) ত ৰেল বেছড ‘এমআৰটিএছ’ ৰ বাবে কিছু পৰিৱৰ্তন সাধন কৰা হয়। এই পৰিৱৰ্তনসমূহ হৈছে:
- ধাৰাপুৰ নাৰাঙ্গীৰ পৰা গুৱাহাটী বিমানকোঠলৈ কৰিডৰ-১ ৰ সম্প্ৰসাৰণ।
- উত্তৰ গুৱাহাটী আৰু ‘এআইআইএমএছ’ ৰ সৈতে মেট্ৰ’ সংযোগ।
- সকলোবোৰ গুৰুত্বপূৰ্ণ স্থান যেনে বিমানকোঠ, গুৱাহাটী ৰেল ষ্টেচন, কামাখ্যা ৰেল ষ্টেচন, কামাখ্যা মন্দিৰ, গুৱাহাটী বিশ্ববিদ্যালয়, পাণ্ডু ঘাট ইত্যাদি অঞ্চল প্ৰথম খণ্ডত মেট্ৰ’ সংযোগৰ বাবে সামৰি লোৱা।
- কৰিডৰৰ বিস্তৃতকৰণৰ বাবে ‘ডিপিআৰ’ ৰ কাম অনতিপলমে আৰম্ভ হ’ব।
গুৱাহাটী ৰেল কৰপোৰেছন লিমিটেডৰ ‘এছপিভি’ ৰ জৰিয়তে এই আঁচনি সংসাধন কৰা হ’ব।