মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

অধিক
চলিত প্ৰকল্পসমূহ
বহুতৰপীয়া স্বয়ংক্ৰিয় গাড়ী ৰখা ব্যৱস্থা

শ্ৰদ্ধাঞ্জলী কানন

শ্ৰদ্ধাঞ্জলি কাননৰ সন্মুখত থকা বহুতৰপীয়া স্বয়ংক্ৰিয় গাড়ী ৰখোৱা ব্যৱস্থা

চহৰত যানবাহনৰ ভিৰ হ্ৰাস কৰি স্বাভাৱিক অৱস্থা এটাৰ সৃষ্টি কৰিবলৈ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই ৰাধাগোবিন্দ বৰুৱা পথত অৱস্থিত শ্ৰদ্ধাঞ্জলি কাননৰ সন্মুখত ১৪.৩৮ কোটি টকা ব্যয়সাপেক্ষে বহুতৰপীয়া স্বয়ংক্ৰিয় গাড়ী ৰখোৱা গৃহ নিৰ্মাণৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে। বিশেষ পৰিকল্পনা সাহাৰ্য্যৰ অধীনত এই আঁচনিৰ নিধি আগবঢ়োৱা হৈছে। এই আঁচনিৰ কাৰ্য্য ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াৰ নিৰ্মাণ কাৰ্য্য ৰাম ৰত্ন ইনফ্ৰাচষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে সম্পন্ন কৰিছে। এই গাড়ী ৰখোৱা স্থানত এটা সময়তে ৩০২ খন চাৰিচকীয়া বাহন আৰু ২৫ খন দুচকীয়া বাহন ৰখোৱাৰ সুবিধা আছে।

About the system

  • বহুখলপীয়া গাড়ী পাৰ্কিঙ সুবিধা ব্যৱস্থা ৬ স্তৰীয় আৰু ৮ টা গ্ৰীডসহ এক মাটিৰ ওপৰত পাৰ্কিং কৰিবপৰা সুবিধা আৰু সৰ্বাধিক ৪৩ খন গাড়ী একেলগে পাৰ্কিঙ কৰিবপৰা সুবিধা আছে।
  • সহজে চিনাক্ত কৰিবৰ বাবে পেলেট/ট্ৰলী নং সমূহ ৰঙা ৰঙেৰে চিহ্নিত কৰা হৈছে।
  • ভূমি মহলাত একেলগে ৭ খন গাড়ী পাৰ্কিং কৰিবৰ বাবে ৭ খন পেলেটৰ ব্যৱস্থা কৰা হৈছে।
  • প্ৰথম, দ্বিতীয়,তৃতীয়, চতুৰ্থ আৰু পঞ্চম মহলাৰ পেলেটসমূহ পথালি আৰু দীঘলীয়াকৈ অহা-যোৱা কৰিব পাৰে আৰু একেলগে ৩৬খন গাড়ী পাৰ্কিঙ কৰিব পৰা সুবিধা আছে।
  • একেবাৰে ওপৰৰ স্তৰত পেলেটসমূহ কেৱল দীঘলীয়াকৈ অহা-যোৱা কৰিব পাৰে আৰু ৮ খন গাড়ী পাৰ্কিং কৰিব পৰা সুবিধা প্ৰদান কৰে।
  • এই পাৰ্কিং ব্যৱস্থা নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰৱেশস্তৰৰ বাওঁফালে নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা কৰা হৈছে।

চৰকাৰী অনুমোদন নং: GDD 55/2013/108, ০৮-০১-২০১৪ তাৰিখ অনুসৰি
সৰ্বমুঠ প্ৰকল্প খৰচ: ১৪৩৩.৮৩ লাখ
অৱস্থান: ৰাধা গোবিন্দ বৰুৱা পথত, শ্ৰদ্ধাঞ্জলী কাননৰ সন্মুখত
সৰ্বমুঠ এলেকা: প্ৰায় ১ বিঘা
ঠিকাদাৰৰ নাম: M/s. Ram Ratna Infrastructure Pvt. Ltd.
ঠিকা চুক্তি হোৱাৰ তাৰিখ: ১৭-১১-২০১৪
অভিপ্ৰায় পত্ৰ: Vide No. GMDA/DEV/2/2014/96, dated 11.12.2014
প্ৰকল্পৰ নিবিদা মূল্য: ১৩৮৮.৮৯ লাখ
গাড়ী পাৰ্কিঙ মড্যুলৰ সংখ্যা: ৮ টা
পৰিচালনা ও ৰক্ষণাবেক্ষণ: ঠিকাদাৰৰ দ্বাৰা একবছৰৰ বাবে পৰিচালনা আৰু ৰক্ষণাবেক্ষণ কৰা হ’ব।
পাৱাৰ বেকআপ:১৬০ KvA Diesel Genset (installed)