মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

চলিত প্ৰকল্পসমূহ

বৈদ্যুতিক শৱদাহ ব্যৱস্থা

৫০৯.৪১ লক্ষ টকাৰ আঁচনিৰে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই গুৱাহাটীৰ উলুবাৰীৰ আৰ কে মিছন পথত বৈদ্যুতিক শৱদাহ গৃহ নিৰ্মাণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। আধুনিক সময়ৰ সকলোবোৰ শৱদাহ সুবিধাৰে সমৃদ্ধ এয়া হৈছে গুৱাহাটীত স্থাপনৰ আঁচনি গ্ৰহণ কৰা প্ৰথম বৈদ্যুতিক শৱ-সৎকাৰ ব্যৱস্থা।

  • দুই মহলাযুক্ত অট্টালিকাত এই শৱ-সৎকাৰ সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।
  • ইয়াৰ প্ৰতিখন মজিয়াৰ আকাৰ ৫২৬ বৰ্গমিটাৰ।
  • অনাগত সময়ৰ সুবিধাৰ্থে অন্য দুটা বৈদ্যুতিক অগ্নিকুণ্ড ৰখাৰ বিষয়ে বিবেচনা কৰা হয়।
  • পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ ‘ইটিপি’ ৰ সৈতে চিমনিৰ দৰে উন্নত প্ৰদূষণ নিয়ন্ত্ৰণ সঁজুলিৰ ব্যৱস্থা গ্ৰহণ।
  • সঠিক গাড়ী ৰখোৱা স্থান, আভ্যন্তৰীণ পথ আৰু সীমা দেৱাল, জেনেৰেটৰ বেকআপ, গভীৰ নলীনাদেৰে উপযুক্ত স্থানৰ ব্যৱস্থা।
  • ধোৱা সুবিধা আৰু অনাময় সুবিধা আৰু লগতে অপেক্ষা/জিৰণি কক্ষ।

১২/১/২০১৫ ইং তাৰিখে আঁচনিৰ নিৰ্মাণৰ কামৰ বাবে প্ৰশাসনীয় অনুমোদন লাভ কৰা হয়। ৪৭৪ লাখ টকাৰ নিবিদা মূল্যত এই কাম M/S Zeliezhu ক প্ৰদান কৰা হয়। ২০১৮ ৰ জানুৱাৰীত এই কাম সম্পূৰ্ণকৰণৰ লক্ষ্য স্থিৰ কৰা হয়।