গুৱাহাটী মহানগৰৰ এক অন্যতম আকৰ্ষণ বিন্দু হৈছে শ্ৰদ্ধাঞ্জলি কানন। এই উদ্যানখন নতুনকৈ স্থাপন হৈছে যদিও ইয়াত সন্ধ্যা সময়ত সমাগম হোৱা মানুহৰ সংখ্যা বহুত বেছি। এই উদ্যান খন ১১ অক্টোবৰ ২০১০ ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়াই উদ্বোধন কৰিছিল।গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ ৮.৭৩ কোটি টকাৰ খৰচৰ বাবদ এই উদ্যানখনৰ কাম সমাপ্ত কৰা হৈছে।


শুক্ৰবাৰৰ পৰা বুধবাৰ: পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ
বৃহস্পতিবাৰে বন্ধ।
মাচুল:
প্ৰাপ্তবয়স্ক: ১০ টকা
শিশু: ৫ টকা
জ্যেষ্ঠ নাগৰিক: ৫ টকা
বিনোদন ৰাইডৰ টিকট মূল্য:
নাও ভ্ৰমণ: ২০ টকা
ট্ৰেইন ভ্ৰমণ: ২০ টকা
উৰাজাহাজ ভ্ৰমণ: ২০ টকা
ঘোৰা ভ্ৰমণ: ২০ টকা
পুৱা ভ্ৰমণ কৰাৰ সময়: পুৱা ৫.০০ বজাৰ পৰা ৮ বজালৈ।প্ৰাতঃ ভ্ৰমণৰ বাবে মাচুল হৈছে ৫ টকাকৈ।আৰু যদি মাহিলী হিচাপত মাচুল দিয়ে তেন্তে ১০০ টকা প্ৰতি মাহ বা বছেৰেকীয়া হিচাপত মাচুল দিলে ১০০০ টকা প্ৰতি বছৰ।
শ্ৰদ্ধাঞ্জলি কানন
ৰাধা গোবিন্দ পথ
ৰাজ্যিক চিৰিয়াখানাৰ বিপৰীতে
গুৱাহাটী, অসম- ৭৮১০০৬