মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

অধিক
উদ্যান আৰু বিনোদনৰ সুবিধা
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা চালিত উদ্যানসমূহ

নেহৰু উদ্যান

নেহৰু পাৰ্কখন অসমৰ আটাইতকৈ পুৰণি উদ্যান। কটন মহাবিদ্যালয়ৰ বিপৰীতে থকা এই উদ্যানখন গুৱাহাটী মহানগৰীৰ মাজমজিয়াত স্থাপন কৰা হৈছে। উদ্যানখন বিনোদনৰ লগতে মহানগৰীৰ লোকসকলৰ খোজ কঢ়াৰ বাবেও এক নিৰাপদ স্থান। ঐতিহাসিকভাৱে, উদ্যান খন অৱস্থিত এলেকাটোত পূৰ্বতে অসম চৰকাৰৰ দ্বাৰা স্থাপন কৰা এটা গীৰ্জা ঘৰ আছিল।

আকৰ্ষণসমূহ

  • অসমৰ বিভিন্ন নৃত্যসমূহ যেনে-বিহু, দেওধনী, ওজাপালি, বৰতাল আৰু ঝুমুৰ আদিৰ ৪৫ সংখ্যক মূৰ্ত্তি।
  • জগিং ট্ৰেক
  • শিশুৰ বাবে খেল-উদ্যান
  • অপেন এয়াৰ থিয়েটাৰ
  • ৰক গাৰ্ডেন
  • সন্ধিয়া সঞ্চালিত হোৱা মিউজিকেল ফাউণ্টেইন।
  • সেউজীয়া পৰিবেশ

সময় আৰু প্ৰৱেশ মূল্য

শুক্ৰবাৰ-বুধবাৰ: পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৮ টালৈ
বৃহস্পতিবাৰে বন্ধ।

প্ৰৱেশ মূল্য:
প্ৰাপ্তবয়স্ক: ১০ টকা
শিশু: ৫ টকা

বিনোদন ৰাইডৰ প্ৰৱেশ মূল্য:
Simulator: 20 টকা
ATV (৯০cc): ২০০ টকা
ATV (৫০cc): ১৫০ টকা

ঠিকনা

নেহৰু উদ্যান
কটন মহাবিদ্যালয়ৰ বিপৰীতে
পান বজাৰ পথ, গুৱাহাটী
অসম-৭৮১০০১
দূৰভাষ: ০৯৬১৩৩৮৬৫৪৬