মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

অধিক
উদ্যান আৰু বিনোদনৰ সুবিধা
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা চালিত উদ্যানসমূহ

শৰাইঘাট যুদ্ধ স্মাৰকীয় উদ্যান, আগ্যাথুৰি

এই উদ্যানখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত। ১৬৭১ চনৰ লাচিত বৰফুকনৰ সেনাপতিত্বত হোৱা আহোম আৰু মোগলৰ মাজৰ শৰাইঘাট যুদ্ধৰ স্মৃতিসমূহ সজাই পৰাই ৰাখিবৰ বাবে অসম চৰকাৰে ৬৫ লাখ টকাৰ খৰচত এই উদ্যান খন নিৰ্মাণ কৰিছে।

এই উদ্যান খনত যুদ্ধৰ সাজত থকা চাৰিজন বীৰৰ একোটাকৈ ব্ৰঞ্জৰ মূৰ্ত্তি বনাই ৰখা হৈছে। লগতে যুদ্ধৰ সৱিশেষ ব্ৰঞ্জৰ পেলেটত লিখা আছে। ভাস্কৰ্য্যবিদ বীৰেন্দ্ৰ সিনহা আৰু তেখেতৰ সহযোগী দলে এই মূৰ্ত্তি সমূহ নিৰ্মাণ কৰিছে।