৩৩ তম নেশ্যনেল গেমচ, ২০০৭ ৰ সময়তে বৰসজাইত ৰাষ্ট্ৰীয় ঘাইপথ ৩১ ৰ সমীপত নেশ্যনেল গেমচ ভিলেজৰ নিৰ্মাণ কৰা হৈছে। ৭০০ টা ফ্লেটযুক্ত আৰু প্ৰতিটো ফ্লেটতে ২ আৰু ৩ টাকৈ বেডৰুমযুক্ত এই গেমচ ভিলেজ খেলুৱৈ তথা কৰ্মকৰ্তাসকল থাকিবৰ বাবে ১০৯ কোটি টকা খৰচৰ বাবদ নিৰ্মাণ কৰা হৈচিল।বৰ্তমানে এই প্ৰকল্পটো গেমচ ভিলেজ আৱসিক কল্যাণ সমিতিৰ দ্বাৰা চোৱা-চিতা কৰা হয়।
