গুৱাহাটী মহানগৰ এলেকাত মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা সঞ্চালিত বহুকেইখন উদ্যান আছে। নাগৰিকে তেওঁলোকৰ উৎসৱ/ইভেণ্ট পঞ্জীয়ন কৰি এই উদ্যানত পাতিব পাৰে।
উদ্যানত পঞ্জীয়ন কৰিবৰ বাবে, উৎসৱ পাতিব খোজা ব্যক্তি বা সংস্থাই গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী অধিকাৰীৰ পৰা তলত উল্লেখিত বস্তুসমূহৰ বিৱৰণৰ সৈতে স্বাক্ষৰ ল’ব লাগে:
১) উৎসৱৰ/ইভেণ্টৰ নাম
২) উৎসৱৰ/ইভেণ্টৰ বিষয়
৩) উৎসৱৰ/ইভেণ্টৰ তাৰিখ
৪) উৎসৱৰ/ইভেণ্টৰ সময়
৫) উপস্থিত থাকিবলগীয়া অতিথিৰ আনুমানিক সংখ্যা
আবেদনখন প্ৰথমে উদ্যানসমিতিৰ ওচৰত ইয়াৰ নিৰীক্ষণ তথা অনুমোদনৰ যোগ্য হয়নে নহয় পৰীক্ষা কৰিবৰ বাবে পঠোৱা হয়। উদ্যানসমিতিৰ অনুমোদন সহ আবেদনখনি মুখ্য কাৰ্যবাহী অধিকাৰীৰ ওচৰত যায়। অধিকাৰীৰ চূড়ান্ত অনুমোদনৰ পিছত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ পৰা উদ্যানখনৰ ব্যৱহাৰৰ বাবে অনুমতি লাভ কৰে।
মাচুলসমূহ উৎসৱৰ ওপৰত নিৰ্ভৰ কৰে আৰু আবেদন পত্ৰত এই মাচুল অৱগত কৰোৱা হয়।
আবেদনকাৰীয়ে এখন উকা কাগজত লিখি অথবা মুখ্য অধিকাৰীৰ ই-মেইলত আবেদন কৰিব পাৰে।.
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
তৃতীয় মহলা, ষ্টেটফেড বিল্ডিং,
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পথ ,ভঙাগড়,
গুৱাহাটী ৭৮১ ০০৫,
দূৰভাষ: ০৩৬১-২৫২৯৮২৪, ২৫২৯৬৫০ (কাৰ্য্যালয়)
ফেক্স: ০৩৬১-২৫২৯৯৯১
ই-মেইল : ceogmdaghy@gmail.com