মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা

দেখা পোৱা যায় যে, গুৱাহাটী মহানগৰখন সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰ সমস্যালৈকে সকলো ধৰণৰ বিপদেৰে জৰ্জৰিত। যেনে:

  • নদীৰ ওচৰ-পাজেৰে থকা সমভূমি অঞ্চলত হোৱা বানপানীৰ দ্বাৰা ঘৰ-বাৰী,মানুহৰ যথেষ্ট পৰিমাণে ক্ষতি হয়।
  • বসবাস কৰা চাপৰ ভূমি, বস্তিসমূহত নলা জমা হৈ হোৱা কৃত্ৰিম বানপানী, নদীৰ পৰা হোৱা বানপানী আদিৰ পৰা বহুতো ক্ষতি হোৱা পৰিলক্ষিত হয়।
  • মাটিৰ সংৰক্ষণৰ কথা চিন্তা নকৰি পাহাৰ কাটি তাত বসবাস কৰা সকলে ভোগ কৰা ভূমিস্খলনৰ দ্বাৰ বহু ধন-জনৰ ক্ষতি হয়।
  • আসাম টাইপ ঘৰ সমূহ ঘূৰ্ণী বতাহ, ধুমুহাৰ মুখামুখি কৰিব পৰাত অপাৰগ।
  • বেয়াকৈ নিৰ্মাণ কৰা অট্টালিকাসমূহ ভূমিকম্পত,বানপানীত খহি নগৰ-চহৰ,লোকৰ যথেষ্ট ক্ষতি সাধন কৰে।

সচৰাচৰ হোৱা দুৰ্যোগসমূহ

  • নদীৰ পৰা হোৱা বানপানী (প্ৰাকৃতিক দুৰ্যোগ)
  • এৰিয়েল বানপানী (প্ৰাকৃতিক দুৰ্যোগ)
  • ধুমুহা (প্ৰাকৃতিক দুৰ্যোগ)
  • ঘূৰ্ণীবতাহ (প্ৰাকৃতিক দুৰ্যোগ)
  • ক্ষয় (প্ৰাকৃতিক দুৰ্যোগ)
  • ভূমিস্খলন (প্ৰাকৃতিক দুৰ্যোগ)
  • ভূমিকম্প (প্ৰাকৃতিক দুৰ্যোগ)
  • জুই (কৃত্ৰিম দুৰ্যোগ)
  • ঔদ্যোগিক দুৰ্ঘটনা (কৃত্ৰিম দুৰ্যোগ)
  • সন্ত্ৰাসবাদীৰ আক্ৰমণ (কৃত্ৰিম দুৰ্যোগ)

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ ভূমিকা

গুৱাহাটী মহানগৰত হোৱা অল্প-কালীন,হ্ৰস্ব-কালীন আৰু দ্দিৰ্ঘ-কালীন যিকোনো সমস্যাৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ একমাত্ৰ দায়ী হিচাপে গণ্য কৰা হয়। NDMA নিৰ্দেশনামতে ASDMA, NESAC তথা জিলা প্ৰশাসনৰ সৈতে লগ লাগি গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই বানপানীৰ আগেয়ে এক বিপদ সংকেত জাৰি কৰিব লাগে।

দুৰ্যোগৰ সময়ত,কৰ্তৃপক্ষই সকলো ধৰণৰ চোৱা-চিতা যেনে- বানপানীৰ সময়ত নলা-নৰ্দমা সমূহ চাফা কৰা, জমা হৈ থকা পানী নিস্কাষণ কৰা আদি কামৰ বাবে তদাৰক কৰিব লাগে।

সমন্বয় সমিতি

কামৰূপ মহানগৰৰ জিলা প্ৰশাসনৰ লগতে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ গুৱাহাটী মহানগৰীৰ চোৱা-চিতা কৰিবৰ বাবে দুখনকৈ সমন্বয় সমিতি আছে- ১)গুৱাহাটী পৌৰ নিগম আৰু ২) গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ। দুৰ্যোগৰ সময়ত এই সমিতিয়ে পূৰ্ণৰূপে সহায় আগবঢ়াব পৰাকৈ তলত উল্লেখিত সদস্যস্কলৰ লগত এখন সমন্বয় সমিতি গঠন কৰা হৈছে।

ক্ৰমিক নংপদস্থিতি
১উপায়ক্ত, কামৰূপ (মহানগৰ)
তথা অধ্যক্ষ (DDMA)
অধ্যক্ষ
২CEO (গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ)সদস্য
৩আয়ক্ত,
গুৱাহাটী পৌৰ নিগম
সদস্য
৪অতিৰিক্ত উপায়ুক্ত ও CEO (DDMA), কামৰূপ (মহানগৰ)আহ্বায়ক ও সচিব
৫SSP, গুৱাহাটী মহানগৰসদস্য
৬SP (যান-জঁট),গুৱাহাটী মহানগৰসদস্য
৭অতিৰিক্ত উপায়ুক্ত (উন্নয়ন), কামৰূপ (মহানগৰ)সদস্য
৮গুৱাহাটী উন্নয়ন বিভাগৰ পৰা ১ জন প্ৰতিনিধিসদস্য
৯DIPRO, কামৰূপ (মহানগৰ)সদস্য
১০স্বাস্থ্য সেৱাৰ যুক্ত সঞ্চালক,
কামৰূপ (মহানগৰ)
সদস্য
১১বিভাগীয় বন অধিকাৰী (স্থানীয়),
পূব কামৰূপ খণ্ড
সদস্য
১২বিভাগীয় অধিকাৰী (ভূমি সংৰক্ষণ),
কামৰূপ (মহানগৰ)
সদস্য
১৩কাৰ্যকৰী অভিযন্তা/ জিলা অধিকাৰী-
কামৰূপ (ম) ৰ অভিযান্ত্ৰিক শাখা,
viz. PWD (পথ), PWD (বিল্ডিঙ),
PWD (কাৰিকৰী), PWD (ৰাষ্ট্ৰীয় ঘাইপথ), PHE,
জল সম্পদ (চিভিল) আৰু (কাৰিকৰী)
সদস্য
১৪প্ৰকল্প অধিকাৰী, DDMA, কামৰূপ (ম)সদস্য