মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

পানী যোগান আঁচনি

গুৱাহাটী মহানগৰ ক্ষেত্ৰসমূহত বহনযোগ্য মূল্যত নিৰ্ভৰযোগ্য, নিৰাপদ ৰূপত আৰু অবিৰতভাৱে (২৪x৭) পানী যোগান সেৱা প্ৰদান কৰিবলৈ অসম চৰকাৰে ভাৰত চৰকাৰৰ নিধিৰে ((জেএনএনইউআৰএম) দক্ষিণ পশ্চিম অঞ্চলসমূহৰ বাবে, (জেআইচিএ) উত্তৰ আৰু দক্ষিণ কেন্দ্ৰীয় অঞ্চলসমূহৰ বাবে আৰু (এডিবি) দক্ষিণ পূব অঞ্চলসমূহৰ বাবে) চাৰিটা প্ৰধান পানী যোগান আঁচনি গ্ৰহণ কৰে। গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই বৰ্তমানে স্বতন্ত্ৰ আঁচনি পৰিচালনা পৰামৰ্শদাতা/সংসাধন গোটৰ সহযোগত এই আঁচনিসমূহৰ সংসাধনৰ কাম কৰি আছে। এই সংসাধন কাৰ্য্য সম্পন্ন হোৱাৰ পিছত এই সা-সুবিধাসমূহৰ সম্পাদন আৰু পৰিচালনাৰ দায়িত্ব গুৱাহাটী জল পৰিষদে পালন কৰিব। নক্সাত দেখুওৱা ধৰণে বিভিন্ন ধৰণৰ পুঁজি লাভ কৰা এই পানী যোগান আঁচনি ‘জিএমএ’ ত বিভিন্ন মণ্ডলত বিভক্ত কৰা হয়।

‘জেআইচিএ’ ৰ দ্বাৰা নিধি লাভ কৰা গুৱাহাটী পানী যোগান আঁচনি

‘পিআইইউ’ ৰ দ্বাৰা পৰিচালিত হোৱা উত্তৰ মণ্ডল আৰু দক্ষিণ মণ্ডল পানী যোগান আঁচনিত ‘জেআইচিএ’ ই নিধি প্ৰদান কৰিছে। ‘জেআইচিএ’ ই গুৱাহাটী পানী যোগান আঁচনিত সাহাৰ্য্য আগবঢ়ায়।

কাৰ সৈতে যোগাযোগ কৰিব

আঁচনি সঞ্চালক
আঁচনি সংসাধন গোট
জেআইচিএ সাহাৰ্য্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান আঁচনি
খ্ৰীষ্টানবস্তি, গুৱাহাটী ৭৮১ ০০৫
ৱেবচাইট: Guwahati Drinking Water and Sewerage Board

‘এডিবি’ ৰ দ্বাৰা নিধিপ্ৰাপ্ত গুৱাহাটী পানী যোগান আঁচনি

পিএমইউ, আসাম আৰবান ইনফ্ৰাচষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট প্ৰগ্ৰেম (এইউআইআইপি) ৰ দ্বাৰা পৰিচালিত গুৱাহাটী পানী যোগান আঁচনিত ‘এডিবি’ য়ে নিধি প্ৰদান কৰে।

কাৰ সৈতে যোগাযোগ কৰিব

আঁচনি সঞ্চালক
অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্য্যসূচী (আসাম আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট প্ৰগ্ৰেম)
তৃতীয় মহলা, তৃপ্তি টাৱাৰ
গণেশগুৰি, গুৱাহাটী
দূৰভাষ: ৭০৮৬০৮০১০৮ (কাৰ্য্যালয়)
ৱেবচাইট: http://auiip.nic.in

‘জেএনএনইউআৰএম’ ৰ দ্বাৰা নিধি লাভ কৰা গুৱাহাটী পানী যোগান আঁচনি

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই আঁচনি পৰিচালন পৰামৰ্শদাতা, টহল কনচাল্টিং ইঞ্জিনিয়াৰছ লিমিটেডৰ সৈতে দক্ষিণ গুৱাহাটী পানী যোগান আঁচনিৰ নিৰীক্ষণ কৰি আছে। ‘জেএনএনইউআৰএম’ ৰ অধীনৰ ৩৯৮.৪৮ কোটি টকাৰ প্ৰথম ডিপিআৰ নগৰ উন্নয়ন মন্ত্ৰণালয়ত ডিচেম্বৰ ২০০৭ ত দাখিল কৰা হয়। ‘জেএনএনইউআৰএম’ ৰ কাৰ্য্যক্ৰমৰ অধীনৰ এই নিধি অপ্ৰচুৰ হোৱাত ভাৰত চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰণালয় (MoUD) ই ২৮০.৯৪ কোটি টকা ব্যয়সাপেক্ষে ২০০৮ ত এই আঁচনি সম্পূৰ্ণ কৰে। এই আঁচনি গেমন ইণ্ডিয়া লিমিটেডলৈ ‘টাৰ্ণকী’ নিয়মত আগবঢ়োৱা হয়।

কাৰ সৈতে যোগাযোগ কৰিব

মুখ্য কাৰ্য্যবাহী বিষয়া
তৃতীয় মহলা, ষ্টেটফেড বিল্ডিং
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পথ ,ভঙাগড়
গুৱাহাটী ৭৮১ ০০৫
দূৰভাষ: ০৩৬১-২৫২৯৮২৪, ২৫২৯৬৫০ (কাৰ্য্যালয়)
ফেক্স: ০৩৬১-২৫২৯৯৯১
ই-মেইল: ceogmdaghy@gmail.com
ৱেবচাইট: GMDA Website