সামাজিক আন্তঃগাঁথনিয়ে শিক্ষা, স্বাস্থ্য, বিনোদন, সামাজিক সাংস্কৃতিক দিশৰ সুবিধাসমূহ, আৰক্ষী, জুই, ডাকঘৰ সেৱা, টেলিকমিউনিকেশ্যন আৰু বিতৰণ সেৱা সামৰি লয়। নিম্ন শ্ৰেণীৰ অতিৰিক্ত সুবিধাসমূহ যেনে প্ৰাথমিক বিদ্যালয়, নাৰ্চাৰী স্কুল আৰু ঔষধালয়ৰ সুবিধাৰ ব্যৱস্থা নৱ উন্নয়ন/পুনৰ উন্নয়ন আঁচনিৰ ‘নেবাৰহুড প্ল্যান’ বা চুবুৰী পৰিকল্পনা পৰ্যায়ত প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ব। সাধাৰণ চিকিৎসালয়, মধ্যৱৰ্তী চিকিৎসালয়, প্ৰতিবন্ধক বা অক্ষম লোকৰ বিদ্যালয়, সামাজিক সাংস্কৃতিক আৰু বিনোদন সংঘ, জুই আৰু আৰক্ষী থানা ইত্যাদি উচ্চ শ্ৰেণীৰ সুবিধাসমূহ মাষ্টাৰ প্ল্যান পৰ্যায়ত প্ৰদান কৰা হ’ব। এই সুবিধাসমূহ প্ৰদানৰ বাবে ব্যক্তিগত অঞ্চল নিৰ্বাচন কৰা নহয়, ইয়াৰ বাবে ‘জি এম এ’ ৰ অধীনৰ উন্নয়নৰ বাবে উপলব্ধ উদ্যান আৰু খেলাধূলাৰ সুবিধাৰে সৈতে বহুসংখ্যক সুবিধা উপলব্ধযুক্ত স্থান নিৰ্ণয় কৰা হয়। ভূমি ব্যৱহাৰ পৰিকল্পনাৰ অধীনত প্ৰয়োজনীয় সামাজিক আন্তঃগাঁথনিৰ বাবে এনে ১২ টা সুবিধা কেন্দ্ৰ চিনাক্ত কৰা হৈছে। এই সুবিধা কেন্দ্ৰসমূহ তিনিটা শ্ৰেণীত প্ৰদান কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে আৰু সেইকেইটা হৈছে- চহৰ পৰ্যায়, জিলা পৰ্যায় আৰু সাম্প্ৰদায়িক পৰ্যায়।
প্ৰায় ৮.৯ লাখ লোকক সামৰি লৈ ২০০৪ চনত ৩৮৮ খন প্ৰাথমিক বিদ্যালয়, একাদশ আৰু দ্বাদশ শ্ৰেণীক সামৰি লৈ স্নাতক মহাবিদ্যালয়ৰ লগতে ১০১ খন মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় আছিল। বিদ্যালয় পৰ্যায় সুবিধা প্ৰদান কৰিবলৈ ৭০ টা চুবুৰি কেন্দ্ৰত দুখনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দুখনকৈ প্ৰাথমিক বিদ্যালয়ৰ বাবে ‘জি এম এ’ ৰ অধীনত প্ৰদানৰ প্ৰস্তাৱ দিয়া হয়।
অতিৰিক্তভাৱে প্ৰয়োজন হোৱা প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয়ৰ বাবে গৃহ বিকাশৰ পৰিকল্পনা অনুসৰি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ব। এই সংহত বিদ্যালয় আৰু অক্ষম লোকৰ বিদ্যালয়সমূহ নতুন উন্নয়ন অনুসৰি চহৰৰ সুবিধা কেন্দ্ৰ সমূহত স্থাপন কৰাৰ ব্যৱস্থা কৰা হয়। নতুন নগৰৰ ক্ষেত্ৰত বিদ্যালয়সমূহ ওপৰত উল্লিখিত মানদণ্ড অনুসৰি প্ৰদান কৰা হয়।
কটন মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানকে আদি কৰি বৰ্তমানে ১৮ খন উচ্চ শিক্ষা প্ৰতিষ্ঠান আছে। গুৱাহাটীত অতিৰিক্তভাৱে আকৌ তিনিখন পলিটেকনিক শিক্ষানুষ্ঠান আছে। এই প্ৰস্তাৱিত সুবিধা কেন্দ্ৰৰ ভিতৰত অতিৰিক্ত ১৬ খন মহাবিদ্যালয় প্ৰদান কৰা হয়। সাধাৰণ মহাবিদ্যালয়সমূহৰ উপৰিও সুবিধা কেন্দ্ৰ নং ৪,৫,৭ আৰু ৯ ত চাৰিখন অতিৰিক্ত প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠানৰ প্ৰস্তাৱ কৰা হয়। কাৰিকৰী আৰু বৃত্তিমূলক মহাবিদ্যালয় আৰু এখন নতুন বিশ্ববিদ্যালয় চৌহদ পৰিকল্পনা গোট ৪ ৰ অধীনত মুঠ ২৩০ হেক্টৰ মাটিত খাৰঘূলীত স্থাপন কৰিবলৈ প্ৰস্তাৱ কৰা হৈছে। পৰিকল্পনা গোট ৯ ৰ অধীনত প্ৰস্তাৱিত শিক্ষা আৰু গৱেষণা স্থানৰ লগতে এখনি নতুন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰস্তাৱ কৰা হৈছে।
স্বাস্থ্য চি এম পি ২০২৫ ৰ বাবে লোৱা হোৱা নগৰাঞ্চলসমূহত স্বাস্থ্যৰ আন্তঃগাঁথনিৰ নিয়ম আৰু মান অনুসৰি প্ৰতি ১০০০ জনসংখ্যাৰ বিপৰীতে ৫ খন বিছনা প্ৰদানৰ ব্যৱস্থা কৰা হয় আৰু লগতে সমগ্ৰ চহৰতে স্বাস্থ্যৰ সুবিধাসমূহ ভাৰসাম্য ৰূপত বিতৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হয়। এই অনুপাতে ২০২৫ চনলৈ ২০০৪ চনত উপলব্ধ থকা ৪,৮৪৭ বিচনাৰ বিপৰীতে ৭,৩৮৪ অতিৰিক্ত বিচনা বাঢ়ি গৈ গুৱাহাটী মহানগৰীয়ে মুঠ ১২,২৩১ খন বিছনা লাভ কৰিব। ইয়াৰ বিস্তৃত বিৱৰণ মাষ্টাৰ প্ল্যানত উপলব্ধ। পৰিকল্পনা গোট নং ৯ অনুসৰি চহৰত অৱস্থিত সুবিধা কেন্দ্ৰত ৫০০ বিছনাযুক্ত এখন বৈশিষ্ট্যপূৰ্ণ চিকিৎসালয় আৰু ৰুদ্ৰেশ্বৰ গাঁৱত এখন চিকিৎসা মহাবিদ্যালয় আৰু ৫০০ বিছনাযুক্ত এখন বৈশিষ্ট্যপূৰ্ণ চিকিৎসালয় প্ৰদানৰ পৰিকল্পনা গ্ৰহণ কৰা হয়। অন্যান্য সাধাৰণ আৰু মধ্যৱৰ্তী চিকিৎসালয় আৰু নাৰ্ছিংহ’ম চহৰৰ বিভিন্ন সুবিধা কেন্দ্ৰত প্ৰদান কৰা হ’ব।
চি এম পি ২০২৫ ত চহৰ পৰ্যায়ত ৫,২৯৯ হেক্টৰ অঞ্চল বিনোদন কাৰ্য্যৰ বাবে ঠিক কৰা হয়। ৫,২৯৯ হেক্টৰ মাটিৰ অঞ্চলৰ সৰহ ভাগেই ইক’ চেনছিটিভ মণ্ডলৰ অন্তৰ্ভুক্ত। এইসমূহ আঞ্চলিক/চহৰ বিনোদন অঞ্চল। এই অঞ্চলসমূহত বনভোজ ক্ষেত্ৰ স্থাপন কৰাৰ বাবে প্ৰস্তাৱ কৰা হৈছে। ই ৬০ হেক্টৰ মাটিত চহৰ পৰ্যায় পাৰ্ক আৰু ৯৭ হেক্টৰ মাটিত চহৰ পৰ্যায়ৰ ক্ৰীড়া ক্ষেত্ৰ সামৰি লয়। চহৰ পৰ্যায়ত এখনি শিশু উদ্যান স্থাপনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চল অতি সুন্দৰ যিয়ে নদী উপত্যকাৰ উন্নয়নৰ বাবে অনুপ্ৰেৰণা যোগায়। নদী উন্নয়ন মণ্ডলৰ বাবে নদীৰ সৃষ্টিৰ উৎসটো বাছি লোৱা হয়। চি আৰ জেড ৩ অনুসৰি ২০০ মিটাৰ বহল গ্ৰীণ বেল্ট ৰীক্ৰিশ্যন্যাল গ্ৰীণ হিচাপে চিহ্নিত কৰা হৈছে। ল্যাণ্ডস্কেপ প্ল্যানৰ ওপৰত নিৰ্ভৰ কৰি নদীকাষৰীয়া অঞ্চলৰ উন্নয়ন সাধন হোৱাৰ সম্ভাৱনা আছে। লগতে পৰ্যটক আৰু স্থানীয় লোকসকলৰ বাবে পানীত প্ৰতিবিম্ব হোৱা আকৰ্ষণীয় লেজাৰ পোহৰৰ ব্যৱস্থা কৰা হৈছে।
জি এম এ ২০২৫ ত থকা ক্ৰীড়াৰ সুবিধাসমূহ:
| ক্ৰমিক নং | শাখা | পৰিমাণ | ক্ষেত্ৰ (Ha) | সংখ্যা | সুবিধা |
| ১ | মহানগৰ ক্ৰীড়া ক্ষেত্ৰ | ২২ লাখ | ৯৭ | ১ | মহানগৰ কেন্দ্ৰত এই সুবিধা প্ৰদান |
| ২ | জিলা ক্ৰীড়া কেন্দ্ৰ | ৫ লাখ | ৪ | ৪ | জিলা সুবিধা কেন্দ্ৰত এই সুবিধা প্ৰদানৰ ব্যৱস্থা |
| ৩ | সমূহীয়া ক্ৰীড়া কেন্দ্ৰ | ১ ৰ পৰা ১.৫ লাখ | ১ | ৮ | সমূহীয়া সুবিধা কেন্দ্ৰত এই সেৱা প্ৰদানৰ ব্যৱস্থা |
| ৪ | চুবুৰি ক্ৰীড়া ক্ষেত্ৰ | ১৫,০০০ | ১ | ৮০ | চুবুৰি কেন্দ্ৰসমূহত এই সুবিধা প্ৰদান |
২০২৫ ত কাৰ্য্যকৰী কৰিবলৈ ধৰি লোৱা হোৱা অতিৰিক্ত সামাজিক-সাংস্কৃতিক সুবিধাসমূহৰ প্ৰস্তাৱিত নিয়মসমূহ-
| ক্ৰমিক নং | Socio-cultural facilities | অনুক্ৰম | জনসংখ্যা গোট (আনুমানিক) | ক্ষেত্ৰ (বৰ্গ মিটাৰ) | মন্তব্য |
| ১ | বিবাহ, কমসংখ্যক জনসাধাৰণ একত্ৰিত হোৱা, কোনো অনুষ্ঠান, সমূহীয়া ভোজন আৰু পুথিভঁৰালৰ সুবিধা ইত্যাদি সামৰি লৈ সমূহীয়া ভৱনৰ সুবিধা | চুবুৰি | ১৫,০০০ | ২০০০ | চুবুৰি কেন্দ্ৰসমূহত এই সুবিধা প্ৰদান (সংখ্যা ৭০) |
| ২ | সংগীত, নৃত্য আৰু নাটকৰ কেন্দ্ৰ সামৰি লৈ বিনোদন সংঘ | সমূহীয়া | ১০০,০০০ | ১০,০০০ | সমূহীয়া সুবিধা কেন্দ্ৰসমূহত এই সেৱা প্ৰদান কৰা হ’ব (সংখ্যা ৭) |
| ৩ | জিলা সামাজিক সাংস্কৃতিক সংঘ | জিলা | ৫০০,০০০ | ১৫,০০০ | জিলা সুবিধা কেন্দ্ৰত প্ৰদান কৰা হ’ব (সংখ্যা ৪) |
| ৪ | চহৰ পৰ্যায়ৰ সামাজিক সাংস্কৃতিক কেন্দ্ৰ | চহৰ | চহৰ পৰ্যায় | ৪০,০০০ | চহৰ সুবিধা কেন্দ্ৰসমূহত এই সেৱা প্ৰদান কৰা হ’ব (সংখ্যা ১) |
বিয়া আৰু ভোজন গৃহৰ বাবে মাটিৰ পৰিমাণ প্ৰতিটোতে ০.১ হেক্টৰকৈ। প্ৰস্তাৱিত হোৱা বাৰটা সুবিধা কেন্দ্ৰতে এয়া প্ৰদানৰ ব্যৱস্থা কৰা হয়।
নিৰাপত্তা সুবিধাৰ বাবে প্ৰস্তাৱিত নিয়মসমূহ :
| নং | সুৰক্ষা সুবিধা | অনুক্ৰম | জনসংখ্যা গোট (আনুমাণিক) | মাটিকালি |
| আৰক্ষী থানা | সমূহীয়া পৰ্যায় | ০.৭৫ লাখ | ১.০ হেক্টৰ | |
| আৰক্ষী চকী | সমূহীয়া পৰ্যায় | প্ৰতি আৰক্ষী থানাৰ বাবে | ০.১৬ হেক্টৰ | |
| কাৰাগাৰ | চহৰ পৰ্যায় | চহৰ পৰ্যায় |
বৰ্তমানে থকা কাৰাগাৰ ক্ষেত্ৰৰ তলত উল্লেখ কৰা ধৰণে বহুমুখী ক্ষেত্ৰ হিচাপে উন্নয়ন সাধন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে:
ফায়াৰ ষ্টেশ্যনসমূহ স্থাপন কৰাৰ বাবে আৰু অন্যান্য অগ্নিৰ সুবিধাসমূহৰ বাবে তলত উল্লিখিত নিৰ্দেশনাসমূহ পালন কৰিব লাগিব